অভিনেত্ৰী হোৱাৰ সপোনটো সময়ৰ সোঁতত হেৰাই গৈছিল
- strides talent
- Apr 24, 2023
- 1 min read
সৰুৰে পৰা অভিনেত্ৰী হোৱাৰ সপোনটো সময়ৰ সোঁতত হেৰাই গৈছিল । কালৰ গৰ্ভত হেৰাই যোৱা সপোনটোক পূৰণ কৰিবলৈ এটি ক্ষুদ্ৰ আশাৰ ৰেঙণি দেখি ওলাই আহিছিলোঁ ,
ঠিক তেনে সময়তে Strides ৰ কথা গম পাই Registration কৰিছিলোঁ ।

কেইদিনমান পিছতে চিমি বাই ফোন কৰি মাতি পঠিয়ালে আৰু এটা audition ললে ,select হলোঁ । অভিনয় কৰিলোঁ আদালতৰ সিপাৰে 2 ত ,খুবেই ভাল লাগিছিল ,ভবাই নাছিলোঁ ইমান সোনকালে এনেকৈ কাম কৰিব পাম । মোৰ দৰে আন বহুতৰ বাবে বিশেষকৈ নতুন চামৰ বাবে STRIDES অভিভাৱক স্বৰূপ , ঠিক যেন এগৰাকী মাক ,যিদৰে সন্তানক হাতত ধৰি
খোজ কাঢ়িব শিকায় ,কথা কব শিকায় । চিমি বাৰ সন্তানস্বৰূপ Strides এ সফলতাৰ সীমা চুই যাওক , অভিনয় জগতৰ আকাশত জোনটিৰ দৰেই উজ্বলি উঠক । Strides ৰ website launch অনুষ্ঠানটিৰ অংশ হবলৈ পাই সুখী হৈছোঁ । ইমান সুন্দৰ এটি অনুষ্ঠান ,অভিনয় জগতৰ বহু গণ্য মান্য ব্যক্তিৰ সান্নিধ্যত সঁচাকৈ ধন্য হৈছোঁ । Strides সফলতা আকাশ চুই যাওক তাৰেই কামনা কৰিলোঁ । Strides ৰ লগত জড়িত হবলৈ পাই খুবেই আনন্দিত । আন্তৰিক ধন্যবাদ চিমি বা🙏🙏 😍😘😘




Comments